দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য।
দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়,দিল্লীৰ আক্ৰমণত আনন্দিত হোৱা লোকৰ বিৰুদ্ধে কঠোৰ চৰকাৰ। ‘‘একাংশই দিল্লীৰ ঘটনাক আদৰণি জনাইছে,আনন্দিত হৈছে।এইসকল ব্যক্তিয়ে সন্ত্ৰাসবাদক সমৰ্থন কৰে।’’
এইসকল ব্যক্তিৰ বেকগ্ৰাউণ্ড পৰীক্ষা কৰা হ’ব। প্ৰয়োজন হ’লে একাংশ ব্যক্তিক গ্ৰেপ্তাৰ কৰিম। তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ DGPক নিৰ্দেশ দিয়া হৈছে।’’
উল্লেখ্য যে, সোমবাৰে সন্ধিয়া লালকিল্লা মেট্ৰ’ ষ্টেচনৰ ১ নং গেটৰ সমীপত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটি হয়৷ এই বিস্ফোৰণত অঞ্চলটোৰ লোকসকলৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷ বিস্ফোৰণত ১২ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয় ।
- Log in to post comments