পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
নুনমাটি থানাৰ সমীপৰ পৰা এটা সন্তানৰ মাতৃক অপহৰণ দুৰ্বৃত্তৰ।
যোৱা ২০ অক্টোবৰত নুনমাটি থানাৰ সমীপৰ ভাড়া ঘৰৰ পৰা দুৰ্বৃত্তই ২৫ বছৰীয়া মহিলা গৰাকীক অপহৰণ কৰি নিয়াৰ অভিযোগ স্বামীৰ।
অপহৃত মহিলা হৰাকী হৈছে ৰূপালী শৰ্মা(২৫)।
অপহৃত ৰূপালী শৰ্মাই স্বামীক ফোন কৰি তেওঁক আমিনগাঁৱৰ কোনো ঠাইৰ এটা কোঠালীত দুৰ্বৃত্তই আৱদ্ধ কৰি ৰখা বুলি জনাইছে।
ঘটনা সন্দৰ্ভত স্বামী ৰাজীৱ শৰ্মাই এজাহাৰ দাখিল কৰাৰ পাছতো নুনমাটি থানাৰ আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ।
Category
- Log in to post comments