ষঠ পূজা উপলক্ষে গুৱাহাটীৰ পাণ্ডু ঘাটত পুৱাই উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

HimantaBiswaSarma

কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত পালন কৰা হয় ষঠ পূজা উৎসৱ ৷ ইয়াক সূৰ্য ষষ্ঠী বুলিও কোৱা হয় ৷ এই উৎসৱ দীপাৱলীৰ ৬ দিনৰ পিছত পালন কৰা হয় ৷ উত্তৰ ভাৰতৰ ৰাজ্য বিহাৰ, ঝাৰখণ্ড আৰু পূৱ উত্তৰ প্ৰদেশত অতি ধুমধামেৰে এই উৎসৱ পালন কৰা হয়৷

আজি পবিত্ৰ ষঠ পূজা উপলক্ষে গুৱাহাটী মহানগৰীতো দেখা গ’ল উখল মাখল পৰিৱেশ।

ষঠ পূজা উপলক্ষে গুৱাহাটীৰ পাণ্ডু ঘাটত আজি পুৱাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়।পাণ্ডু ঘাটত উপস্থিত হৈ সূৰ্য দেৱতাৰ আশিস ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
ব্ৰহ্মপুত্ৰ ঘাটত ভক্তক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। লগতে সমগ্ৰ ৰাজ্যবাসীক পবিত্ৰ ষঠ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে।

শুক্লা ষষ্ঠীত ষট পূজাৰ ঘাটত উপস্থিত হাজাৰ হাজাৰ লোক।

Category