“তেওঁৰ অভাৱ মই পুৰাব নোৱাৰো,সেইটো মোৰ শক্তি নাই। মই জুবিন গাৰ্গ গাৰ্গ হ’ব নোৱাৰিম’’

papon

বৰঝাৰত উপস্থিত অংগৰাগ পাপন মহন্ত। অসমীয়াৰ আপোন শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত পাপনসহ পত্নী

বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ ওচৰত পাপনে কয় যে ‘‘মই ছ’চিয়েল মিডিয়াটো বেলেগ কথা ফোনেই অফ ৰাখিছোঁ। মই বেয়া একেবাৰে পোৱা নাই। খং বা যি বলকিছে সেয়া দুখ। মোক কৈছে নে কাক কৈছে।
পাপনে কয় যে ‘‘মানুহে কোৱাখিনিত বেয়া পোৱা নাই। মানুহৰ দুখৰ চৰম সীমা খং। এখন দেশ ইমান দুখত নাই। মোক কৈছে নে কাক কৈছে সেইটো নাই। মানুহে বিচাৰিছে মই ইয়াত থকাটো। মই নাথাকোঁ সেইটোত খং।’’

পাপনে লগতে কয় যে ‘‘মই ইয়াত থকাটো সম্ভৱ নহয়। মই বুলিয়েই নহয় আৰু বহু শিল্পী আছে বাহিৰত। কিন্তু মোকেই খং কৰে কিয় সেইটো মই নাজানো। আমি দুটা একেলগৰ কাৰণে চাগে খং কৰে। এটা ভায়েক গ’ল, এটা ভায়েক কিয় নাই? তেওঁৰ জেগা মই পুৰাব নোৱাৰিম, মোৰ শক্তি নাই। মই অসুস্থ খুব এই দুদিন। গৰিমাৰ লগত মেছেজ চলি আছে। তেওঁৰ অভাৱ মই পুৰাব নোৱাৰো। সেইটো মোৰ শক্তি নাই। মই জুবিন গাৰ্গ গাৰ্গ হ’ব নোৱাৰিম।’’

Category