কেতিয়ালৈ সৰুসজাইত ৰখা হ’ব জুবিন গাৰ্গৰ নশ্বৰদেহ, ঘোষণা মুখ্যমন্ত্ৰীৰ

Zubeen Garg

সৰুসজাই ষ্টেডিয়ামত ৰখা হৈছে অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গৰ নশ্বৰদেহ। ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত। ভিৰ কৰিছে লাখ লাখ অনুৰাগীয়ে। প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ লাখ লাখ অনুৰাগী।

কিন্তু কেতিয়ালৈ সৰুসজাই ষ্টেডিয়ামত ৰখা হ’ব জুবিন গাৰ্গৰ নশ্বৰদেহ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ।
মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি, আজি গোটেই নিশা খোলা থাকিব সৰুসজাই ষ্টেডিয়াম। নিশাও গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনাব পাৰিব জুবিন গাৰ্গক।

কাইলৈও সৰুসজাইতে ৰখা হ’ব জুবিন গাৰ্গৰ নশ্বৰদেহ। কাইলৈও প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব অসমবাসীয়ে।

Category