
মুকালমুৱাৰ আদাবাৰীত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় প্ৰায় ৬/৭ লক্ষাধিক টকাৰ সামগ্ৰী। নলবাৰী জিলাৰ মুকালমুৱাৰ আদাবাৰীত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটো। আদাবাৰীৰ বাপকন কলিতা নামৰ ব্যৱসায়ীজনৰ ষ্টেচনাৰী দোকানত সংঘটিত হয় অগ্নিকাণ্ড। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে। অগ্নিকাণ্ডৰ ফলত দোকানখনৰ স্বত্বাধিকাৰী বাপকন কলিতা আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত বাপকনক স্থানীয়লোকে ততাতৈয়াকৈ উদ্ধাৰ কৰি আদাবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাই। ইফালে স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডৰ ফলত দোকান খন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
- Log in to post comments