
ধিঙত প্ৰশাসনে নহয় অবৈধ বেদখলকাৰীয়ে চলাইছে বুলড’জাৰ। ধিঙত ২৭ আগষ্টত চলিব বৃহৎ উচ্ছেদ অভিযান।নগাঁও জিলা আয়ুক্তৰ নিৰ্দেশনা পিছতেই আৰক্ষীয়েও চলাইছে ফ্লেগমাৰ্চ।
প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ পূৰ্বেই বেদখলকাৰীয়ে নিজেই ঘৰ দুৱাৰ আৰু দোকান পোহাৰ ভাঙি লৈ যায়।আনকি বেদখলকাৰীসকলে পকী ঘৰসমূহ নিজেই বুলড’জাৰেৰে ভাঙি লৈ যায়।
তিনি দিন পূৰ্বে ৰাইজৰ লগত নগাঁও জিলা আয়ুক্তই ২২ আগষ্টত আলোচনাত বহাৰ পিছতেই দখলদাৰী এইদৰে নিজেই আতঁৰি গৈ প্ৰশাসনক সহযোগিতা আগবঢ়াইছে।
উল্লেখ্য যে, ধিং ৰাজহ চক্রৰ বটদ্ৰৱা মৌজাৰ বালিসত্ৰ কিচামতৰ ৩নং চৰকাৰী দাগৰ আৰু আলিটাঙনী মৌজাৰ বলিকটিয়া কিচামতৰ মথাউৰি মাটিও চৰকাৰী ভূমিত অহা ২৭ আগষ্ট বুধবাৰে নগাওঁ জিলা প্ৰশাসনে চলাব উচ্ছেদ অভিযান। মথাউৰিৰ দুয়োকাষে চৰকাৰী ভূমিত অবৈধভাবে ঘৰ দুৱাৰ সাজি বসবাস কৰা লোক সকল আৰু দোকান খুলি কৰা ব্যৱসায় প্ৰতিষ্ঠান সমূহ কৰিব উচ্ছেদ। তাৰোপৰি বালিসত্ৰ গেজিং ৰিজাৰ্ভত চলি থকা অৰ্ধ সাপ্তাহিক বজাৰতো চলিব উচ্ছেদ।
- Log in to post comments