
এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গ'ল ৰাজ্য৷ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া ট্ৰেক্টৰ-ট্ৰলীত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা কণ্টেইনাৰ ট্ৰাকৰ৷ দুৰ্ঘটনাত দুগৰাকী মহিলা আৰু শিশুসহ ৮ জন লোক নিহত,আহত প্ৰায় ৪৫ জনতকৈ অধিক লোক। উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰত সোমবাৰে পুৱতি নিশা প্ৰায় ২.১০ বজাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো৷ ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৰ্ণিয়া অঞ্চলৰ ঘটাল গাঁৱৰ সমীপত সংঘটিত হোৱা এই দুৰ্ঘটনাটো৷ এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত ডি এম, এছ এছ পিকে ধৰি জিলাখনৰ বহু শীর্ষ বিষয়াই উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। আৰক্ষী তথা অভিযানকাৰী দলে ততাতৈয়াকৈ আহত লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে ঘটনা সন্দৰ্ভত এছ এছ পি দীনেশ কুমাৰ সিঙে জানিবলৈ দিয়া অনুসৰি, সোমবাৰে নিশা প্ৰায় ২:১০ বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ট্ৰলীখনত প্ৰায় ৬০-৬৫ জন লোক আছিল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু নিহত লোকসকলক মৰণোত্তৰ পৰীক্ষাৰ প্ৰেৰণ কৰে। জানিব পৰা মতে, আৰক্ষীয়ে আহতসকলক প্ৰাথমিক চিকিৎসাৰ বাবে কৈলাশ খুৰ্জা, চি এইচ চি জাতীয় আৰু চি এইচ চি মুনি হাস্পতাললৈ প্ৰেৰণ কৰিছে যদিও আহতসকলৰ কেইবাজনো অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে অন্য হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
- Log in to post comments