খানকা বশিষ্ঠ নৈত ওপঙি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ

Deadbody recovered in Guwahati

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা।

বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে। যেন অপৰাধৰ ঘাটিত পৰিণত হ’বলৈ ধৰিছে মহানগৰ। মৃত্যু যেন এতিয়া সহজলভ্য হৈ পৰিছে মহানগৰীত।

পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ এইবাৰ মহানগৰীৰ হাতী‌গাঁৱৰ খানকা বশিষ্ঠ নৈত উদ্ধাৰ অচিনাক্ত মৃতদেহ।

খানকা বশিষ্ঠ নৈত ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে। লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খবৰ লাভ কৰা লগে লগে হাতীগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে।

বৰ্তমানেলৈ চিনাক্ত হোৱা উদ্ধাৰ হোৱা মৃতদেহটো। আৰক্ষী ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তত অন্তত হে পোহৰলৈ আহিব ঘটনাৰ সবিশেষ।

ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।

Category