ইংলেণ্ডৰ প্ৰবাসী ভাৰতীয় উদ্যোগী তথা লোকহিতৈষী লৰ্ড স্বৰাজ পলৰ মৃত্যু

 NRI industrialist Swraj Paul passes away in London

ইংলেণ্ডৰ প্ৰবাসী ভাৰতীয় উদ্যোগী তথা লোকহিতৈষী লৰ্ড স্বৰাজ পলৰ মৃত্যু।৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে Capro Groupৰ প্ৰতিষ্ঠাপক গৰাকীয়ে।বৃহস্পতিবাৰে সন্ধিয়া লণ্ডনৰ এখন চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে।Capro Groupৰ প্ৰতিষ্ঠাপক গৰাকীৰ।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ।। 

জানিব পৰা মতে, বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে কিছুদিন পূৰ্বে লৰ্ড স্বৰাজ পলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।অৱশেষত বৃহস্পতিবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহু ৰাজনীতিবিদ, উদ্যোগপতি তথা ভাৰত আৰু বিদেশৰ বহু বিশিষ্ট ব্যক্তিয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে।ব্ৰিটিছ সংসদৰ উচ্চ সদনত তেওঁৰ সহযোগী লৰ্ড বাৰ্মি ৰেঞ্জাৰেও শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি এক্সত লিখে... "শ্ৰী স্বৰাজ পল জীৰ মৃত্যুত আমি দুখী।ব্ৰিটেইনত উদ্যোগ, দানশীলতা আৰু জনসেৱাত তেওঁৰ অৱদান আৰু ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ প্ৰতি তেওঁৰ অদম্য সমৰ্থন সদায় স্মৰণীয় হৈ থাকিব।তেওঁৰ পৰিয়ালৰ প্ৰতি মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ..।ওম শান্তি।"

Category