
NDAৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।সোমবাৰে দিল্লীত প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল গৰাকীক সাক্ষাৎ কৰে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীক।সাক্ষাৎ কৰি।এক্সত প্ৰধানমন্ত্ৰীগৰাকীয়ে চি পি ৰাধাকৃষ্ণনক দশক জোৰা আগবঢ়োৱা সেৱা আৰু উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।।।এক্সত প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰি লিখে… তেওঁ আগবঢ়োৱা জনসেৱা আৰু অভিজ্ঞতাই আমাৰ জাতিটোক বহু পৰিমাণে সমৃদ্ধ কৰিব। তেওঁ সদায় নিষ্ঠা আৰু সংকল্পৰে জাতিৰ সেৱা কৰি যাওক।”। উল্লেখ্য যে, অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন দেওবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চন্দ্ৰপুৰম পন্নুছামী ৰাধাকৃষ্ণণৰ নাম ঘোষণা কৰে । দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সংসদীয় ব’ৰ্ডৰ বৈঠকত ৰাধাকৃষ্ণণৰ নাম চূড়ান্ত কৰা হয় । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই তেওঁৰ নাম ঘোষণা কৰে ২০২৪ চনৰ ৩১ জুলাইত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল ৰাধাকৃষ্ণণে । ইয়াৰ পূৰ্বে তেওঁ প্ৰায় ডেৰ বছৰ ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে ৰাধাকৃষ্ণণক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেলেংগানাৰ ৰাজ্যপালৰ কাৰ্য সম্পাদন কৰিবলৈ আৰু পুডুচেৰীৰ উপ-ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণক শুভেচ্ছে জ্ঞাপন কৰে । ৰাধাকৃষ্ণণক নম্ৰ, বৌদ্ধিক আৰু তৃণমূল পৰ্যায়ৰ সংযোগৰ নেতা বুলি অভিহিত কৰিছে ।
- Log in to post comments