
গৰমৰ দিনত মহৰ প্ৰাদূৰ্ভাৱৰ বাবে সকলোৱে সমস্যাত পৰে এফালে মহৰ কামোৰ আৰু আনফালে গৰম। ডেংগু, মেলেৰিয়া, চিকুংগুনিয়া আদি মাৰাত্মক ৰোগে মহৰ কামোৰৰ ফলত মানুহৰ শৰীৰত বাঁহ সাজিব পাৰে।বিশেষকৈ বাৰিষাকালত মহৰ প্ৰজনন বৃদ্ধি পায়,সমান্তৰালভাবে বহুতো ৰোগে দেখা দিয়ে।
মহ, মাখি বা আন পোক পৰুৱা ৰাসায়নিক স্প্রেৰ দ্বাৰা সাময়িকভাবে প্ৰতিৰোধ কৰিব পাৰি কিন্তু দৈনিক ৰাসায়নিক স্প্রে ব্যৱহাৰে আপোনাৰ দেহলৈ কিছুমান জটিল ৰোগ কঢ়িয়াই আনিব পাৰে।
আজিকালি মহ মাৰিবৰ বাবে আৰু মহ খেদিবৰ কাৰণে বহুতো কোম্পানীয়ে বেলেগ বেলেগ দ্রব্য প্রস্তুত কৰিছে, কিন্তু মহৰ উপদ্ৰৱ আৰু প্রজনন এইবিলাক দ্রব্যই অকণো কমাৰ পৰা নাই।
আমি আজি আপোনালোকক জনাম কিদৰে ঘৰুৱা উপাই ব্যৱহাৰ কৰি অতি সহজতে মহ খেদিব পাৰিব আৰু আপোনাৰ ঘৰটোও সুগন্ধিৰে ভৰি পৰিব।
এই দ্ৰব্য প্ৰস্তুত কৰিবলৈ আপুনি যোগাৰ কৰিব লাগিব ১টা নেমু, নেমুটো সোঁমাজতে দুফালকৈ কাটি লাগিব আৰু কটা দুয়োটুকুৰা নেমুৰ চাৰিওফালে কেইটামান লং গুজি দিয়ক। তাৰ পিছত এডাল মম কটা নেমু টুকুৰাৰ সোঁমাজত থৈ চাৰিওকাষে সৰু সৰুকৈ কাটি লোৱা মাৰি কেইডাল নেমুটুকুৰাত গুজি দিব। আনফালে ইটুকুৰা নেমুও সেই মাৰিডালত গুজি দিব, আৰু মমডাল জ্বলাই দিব দেখিব এই গোন্ধ পালেই মহবিলাক তৎক্ষণাত তাৰ পৰা ওলাই যাবগৈ।
গতিকে এতিয়া যদি ঘৰৰ ভিতৰত মহে উপদ্রৱ কৰে, তেনেহ’লে এইবিধ সহজ ঔষধ প্রস্তুত কৰক আৰু কম সময়ৰ ভিতৰতে মহ আঁতৰাই পঠাওক।
- Log in to post comments