ভয়ংকৰ ডাৱৰ বিস্ফোৰণ;নিহত ৭ জন, আহত কেইবাজনো

Jammu Cloud Burst

জম্মু-কাশ্মীৰত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ। দেওবাৰে মাজনিশা জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাৰ কেইবাটাও অঞ্চলত ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। ডাৱৰ বিস্ফোৰণৰ ফলত ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে। জিলাখনত নিশা অহা মুষলধাৰ বৰষুণৰ মাজতে ৰাজবাগ আৰু জাংলোটেৰ যোধ ঘাটি গাঁৱত এই দুৰ্যোগৰ সৃষ্টি হয়।

বিষয়াসকলে সদৰী কৰা অনুসৰি, যোধ ঘাটিত ডাৱৰ বিস্ফোৰণৰ ফলত পাঁচজন লোকে প্ৰাণ হেৰুৱাই, যাৰ ফলত গাঁৱখনলৈ যোৱাৰ পথো বন্ধ হৈ পৰে আৰু কেইবাটাও ঘৰৰ ক্ষতিসাধন হয়। জাংলোট অঞ্চলত বৰষুণৰ ফলত হোৱা ভূমিস্খলনত দুজন লোকৰ মৃত্যু হয়। কঠুৱা জিলা উন্নয়ন আয়ুক্ত ৰাজেশ শৰ্মাৰ লগতে অসামৰিক আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াই উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। যোধ ঘাটিৰ পৰা পাঁচজন লোকক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়, য’ত আৰক্ষী, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনী (এছডিআৰএফ) আৰু স্থানীয় স্বেচ্ছাসেৱকৰ যৌথ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে।লগতে CMOৰ আনুষ্ঠানিক বিবৃতিত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কাঠুৱা জিলাৰ কেইবাটাও স্থানত ভূমিস্খলনৰ ফলত হোৱা ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সুৰক্ষা আৰু সহায় নিশ্চিত কৰাৰ বাবে তাৎক্ষণিক সাহায্য, উদ্ধাৰ আৰু স্থানসমূহ খালী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে। এই ঘটনাত মৃত্যু হোৱা লোকসকলক ইতিমধ্যে চিনাক্ত কৰিছে প্রশাসনে।

ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুজ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৰিস্থিতিৰ বুজ লৈ প্ৰয়োজনীয় সহায়ৰ আশ্বাস প্ৰদান কৰে৷ ইফালে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে পৰিস্থিতিৰ বুজ লৈ উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।

Category