অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই ভুৱনেশ্বৰত অনুষ্ঠিত হোৱা ফেডাৰেচন কাপত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়। পুৰুষৰ জেভলিন থ্ৰ’ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে অলিম্পিক বিজয়ী নীৰজে। তিনি বছৰৰ ভিতৰত ভাৰতীয় মাটিত প্ৰথমবাৰৰ বাবে ফেডাৰেচন কাপ প্ৰতিযোগিতাত অংশ লয় নীৰজ চোপ্ৰায়।
উল্লেখ্য যে, কলিঙ্গ এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ২০২৪ চনৰ ফেডাৰেচন কাপ প্ৰতিযোগিতা। কৰ্ণাটকৰ ডি পি মানুক পৰাস্ত কৰি ৮২.২৭ মিটাৰ জেভলিন থ্ৰ’ৰে স্বৰ্ণ আঁজুৰিলে নীৰজে।
আনহাতে, চোপ্ৰাই শেষবাৰৰ বাবে ২০২১ চনৰ ১৭ মাৰ্চত একেখন ঘৰুৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, য’ত তেওঁ ৮৭.৮০ মিটাৰ থ্ৰ’ৰে সোণৰ পদক লাভ কৰিছিল। তেতিয়াৰ পৰাই চোপ্ৰাই টকিঅ’ অলিম্পিকত ঐতিহাসিক সোণৰ পদক লাভ কৰি ২০২২ চনত ডাইমণ্ড লীগ চেম্পিয়ন, ২০২৩ চনত বিশ্ব চেম্পিয়ন আৰু চীনত এছিয়ান গেমছৰ স্বৰ্ণ ৰক্ষা কৰিছিল।
- Log in to post comments