Zoo

অসম ৰাজ্যিক চিৰিয়াখানাত আনন্দমুখৰ পৰিৱেশ। এটি জিৰাফৰ পোৱালিৰ আগমনক লৈ উৎফুল্লিত চিৰিয়াখানা কৰ্তৃপক্ষ। তিনিদিন পূৰ্বে জিৰাফ পোৱালিটোৰ জন্ম হয়। মৰমলগা পোৱালিটোক লৈ ব্যস্ত চিৰিয়াখানাৰ পৰিচৰ্যাকাৰীসকল। পিছে কি নাম দি মাতিব জিৰাফটোক? তাকে লৈ চিন্তাত পৰিছে চিৰিয়াখানা কৰ্তৃপক্ষ। সেয়েহে অসমবাসী ৰাইজৰ পৰা বিচাৰিছে উপদেশ– কি নাম দিয়া হওক জিৰাফ পোৱালিটোক।