PMO India

আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস ।কাশ্মীৰৰ পৰা কন্যকুমাৰীলৈকে আকাশত উৰিছে প্ৰতিগৰাকী ভাৰতীয়ৰ স্বাভীমান ত্ৰিৰংগা।ক্ৰমাগতভাৱে দ্ৱাদশবাৰৰ বাবে লালকিল্লাত পতাকা উত্তোলনৰে ১৪০কোটি ভাৰতীয়ক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। স্বাধীনতা দিৱসক ভাৰতীয়ৰ সংকল্পৰ উৎসৱ আখ্যা প্ৰধানমন্ত্ৰীৰ।দেশবাসীক সম্বোধন কৰি অপাৰেশ্যন সিন্দুৰৰ ঐতিহাসিক সফলতাৰ বাবে ভাৰতীয় সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পৰোক্ষভাৱে শত্ৰুৰাষ্ট্ৰ পাকিস্তানক সকীয়নি দি কোনো কাৰণতে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি সহ্য কৰা নহ’ব বুলি ঘোষণা প্ৰধানমন্ত্ৰীৰ। সিন্ধু জলচুক্তিৰ প্ৰসংগ উত্থাপনৰে এই চুক্তি ন্যায় সংগত নহয় বুলি মন্তব্য প্ৰধানমন্ত