Ub News. Assam

কাইলৈ গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। কাইলৈৰ দিনটো অসমবাসীৰ বাবে হ'ব ঐতিহাসিক দিন। কোটিটকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে। মুকলি কৰিব স্বাস্থ্য সেৱাৰ বৃহৎ প্ৰতিষ্ঠান AIIMS। নামৰূপত শুভাৰম্ভ কৰিব মিথানল প্ৰকল্পৰ।স্থাপন কৰিব ৰংঘৰ চৌহদৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ আধাৰশিলা। লগতে পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব ১৪ হাজাৰ কোটি টকাৰ প্ৰকল্প। সৰুসজাইত বিহুৰ বৃহৎ অনুষ্ঠানত অংশ ল’ব PM মোদীয়ে। মুঠতে ১৪ এপ্ৰিল ২০২৩ তাৰিখটো অসমৰ বাবে হৈ ৰ'ব চিৰ স্মৰণীয়।