শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ সন্দৰ্ভত কৰা মন্তব্যৰ বিৰোধিতা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন মুকলি চিঠি।প্ৰেৰণ কৰিছে লেখক, বুদ্ধিজীৱী, শিক্ষাবিদ আৰু সচেতন নাগৰিকে।
মুকলি চিঠিখনৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে কৰা মন্তব্যৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় মুখ্য ন্যায়াধীশগৰাকীক।
বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হৈ এই পত্ৰখন হস্তান্তৰ কৰে অসম নাগৰিক সন্মিলনৰ এটা প্ৰতিনিধি দলে।