১৯ জুলাইত অহা ভয়ংকৰ বানত শেষ হৈ গ'ল তিনিখন জিলাৰ হাজাৰ হাজাৰ পৰিয়ালৰ বাসগৃহ ৷ বিশেষকৈ নাজিৰাৰ বিহুবৰ, নেপালীখুঁটি, মাজগাঁও, কমলচাপৰী অঞ্চলৰ কেইবাশ পৰিয়ালৰ ঘৰ বান উটি গল ৷ যাৰ বাবে এতিয়া হাহাকাৰক কৰিবলগীয়া হৈছে বন্যাৰ্তই ৷
অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ পাছত বানাক্ৰান্তসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাজ্যৰ লগতে দেশৰ বিভিন্নজনে।তাৰ মাজতে লণ্ডনৰ ৰাজপথত অভিনেত্ৰী তথা নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে কথক নৃত্য আৰু ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰি বানাক্ৰান্তৰ বাবে সাহায্য সংগ্ৰহ কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।