কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে। শুকুৰবাৰে নলবাৰীত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰী ডঃ হিমন্ত শৰ্মাৰ। নলবাৰীৰ ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰে এই কাৰ্যসূচীৰ।
আঁচনিৰ জড়িয়তে নলবাৰীৰ ৩৪ হাজাৰ মহিলাই লাভ কৰিলে ধন। মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ১৩গৰাকী মহিলাক প্ৰদান কৰে চেক। প্ৰতিগৰাকী মহিলাই লাভ কৰিব ১০হাজাৰ টকাকৈ। নলবাৰীৰ আত্ম-সহায়ক গোটৰ ৩৪ হাজাৰ মহিলাক বিতৰণ কৰিব চেক। চেক লাভ কৰিবলগীয়া মহিলাক মুখ্যমন্ত্ৰীৰ স্বাক্ষৰযুক্ত পত্ৰৰে জনোৱা হৈছিল নিমন্ত্ৰণ।
- Read more about আপুনিও লাভ কৰিলে নে মহিলা উদ্যমিতা আঁচনিৰ ধন ?
- Log in to post comments