Mumbai Flood

মায়ানগৰী মুম্বাইত বানৰ তাণ্ডৱ। হঠাৎ হোৱা কৃত্ৰিম বানে তচনচ কৰি পালালে মায়ানগৰীক। নেৰানেপেৰা বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে মুম্বাইবাসীৰ জন-জীৱন, ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। 

বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণত প্ৰায়বোৰ ৰাজপথ এতিয়া পানীৰ তলত। চকুৰে মনিব পৰা লৈকে কেলৱ পানী আৰু পানী। মুঠতে মানুহৰ মাজত হাৰাকাৰময় পৰিস্থিতি।

উল্লেখ্য যে, হঠাৎ হোৱা কৃত্ৰিম বানত বিগত ৪৮ ঘন্টাত ৬জনকৈ লোকে প্ৰাণ হেৰুৱাৰ লগতে নিৰুদ্দেশ হৈ আছে পাঁচজন লোক। নিৰুদ্দেশ হৈ থকা লোককেইজনৰ সন্ধানত অভিযান চলাই আছে উদ্ধাৰকাৰী দলে। এছ ডি আৰ এফ আৰু প্ৰশাসন লাগি আছে উদ্ধাৰ অভিযানত।