সৌন্দৰ্যৰ সাধনাই হৈ পৰিল কাল। চিৰ যৌৱনা হৈ থাকিবলৈ বিচাৰিছিল কাটা লাগা খ্যাত সুন্দৰী অভিনেত্ৰী শেফালিয়ে। বয়স প্ৰতিৰোধী (Anti-Ageing) ঔষধ ব্যৱহাৰ কৰিছিল ৪৩ বছৰীয়া অভিনেত্ৰী গৰাকীয়ে।
মৃত্যুৰ দিনা খালী পেটত ঔযধ সেৱনৰ পিছতে গুৰুত্বৰভাৱে অসুস্থ হৈ পৰিছিল শেফালি। চিকিৎসালয়ত মৃত ঘোষণা কৰা হ'ল অভিনেত্ৰী গৰাকীক। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হ'ল ৰহস্যৰ।
শেফালিৰ স্বামীসহ ৮ জনলোকক জেৰাও কৰিছিল আৰক্ষীয়ে। অৱশেষত ৰহস্যৰ ওৰ পেলালে ফৰেনছিক বিশেষজ্ঞই। Anti-Ageing ঔষধ সেৱনৰ বাবেই মৃত্যু হ'ল সুন্দৰী শেফালিৰ।
- Read more about হ'ব খুজিছিল চিৰ যৌৱনা...
- Log in to post comments