উত্তৰাখণ্ডত পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ সময়ত প্ৰাণ হেৰুওৱা দীপশিখা হাজৰিকাৰ আজি সম্পন্ন হ'ব শেষকৃত্য

Dipsikha Hazarika

দুচকুত অযুত সপোন বান্ধি উত্তৰাখণ্ডত পৰ্বতাৰোহৰণৰ প্ৰশিক্ষণ ল'বলৈ গৈছিল অসমৰ দীপশিখা হাজৰিকাই। পৰ্বতাৰোহণৰ এডভাঞ্চ পাঠ্যক্ৰমৰ বাবে উত্তৰকাশীত থকা নেহেৰু ইনষ্টিটিউট অফ মাউণ্টেনিয়াৰিং চমুকৈ এন আই এমত নামভৰ্তি কৰিছিল দ্বীপশিখাই।

পৰ্বতাৰোহণকেই জীনৱৰ পণ হিচাপে বাছি লোৱাই যেন কাল হ'ল দীপশিখাৰ বাবে। পৰ্বতাৰোহণৰ প্ৰশিক্ষণ লৈ থকাৰ সময়তে হঠাৎ হোৱা হিমস্খলনৰ ফলত মৃত্যুক সাৱটি লয় দীপশিখাৰ লগতে আন পৰ্বতাৰোহীসকলে। যোৱা ৪ অক্টোবৰৰ পৰাই সন্ধানহীন হৈ আছিল দীপশিখাৰ লগতে আন প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষকসকল।

উত্তৰাখণ্ডৰ হিমস্খলনৰ এই ঘটনাৰ ৩ দিনৰ পাছত শুকুৰবাৰে সন্ধান ওলাইছিল দীপশিখাৰ।

শুকুৰবাৰে এটা উদ্ধাৰকাৰী দলে দীপশিখাসহ ৭গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছিল। যোৱা ৪ অক্টোবৰত উদ্ধাৰ হৈছিল ৪টা মৃতদেহ আনহাতে ৬ অক্টোবৰতো উদ্ধাৰ হৈছিল ১৫ পৰ্বতাৰোহীৰ মৃতদেহ। আনহাতে শনিবাৰেও ৮ জন পৰ্বতাৰোহণ প্ৰশিক্ষণকাৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই পৰ্যন্ত ঘটনাস্থলীত মুঠ ২৯গৰাকী পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ হৈছে।

জানিব পৰা মতে, বৰ্তমান শ্ৰীমন্তপুৰৰ নিজা বাসগৃহত আছে দীপশিখাৰ শৱদেহ। প্ৰথমে নেহেৰু ষ্টেডিয়ামত থকা অসম পৰ্বতাৰোহণ সন্থাৰ কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ফটাশিল আমবাৰীস্থিত গীৰ্জালৈও নিয়া হ'ব তেখেতৰ নশ্বৰদেহ। গীৰ্জাৰ পৰা পোনে পোনে মালিগাঁৱৰ আদিংগিৰিৰ কেথলিক খ্ৰীষ্টান সমাধিক্ষেত্ৰলৈ অনা হ'ব। তাতেই তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি জানিবপৰা গৈছে।

 

হিমালয়ৰ বুকুত মৃত্যুক সাৱটি লোৱা দিপশিখা অসমৰ তৃতীয়গৰাকী পৰ্বতাৰোহী। ১৯৭৯ চনৰ ৫ অক্টোবৰৰ দিনা অসমৰ পৰ্বতাৰোহণৰ জনক ৰোহিনী কুমাৰ ভূঞাৰ ৬,৯৪০ মিটাৰ উচ্চতাৰ কেডাৰনাথ গম্বুজ (Dome) শিখৰ আৰোহণ কৰি উভটি অহাৰ পথত বৰফৰ ধুমুহাৰ মৃত্যু হৈছিল। আনহাতে ২০১২ চনত অন্বেষণকাৰী সংগঠনৰ ৬,১৬২ মিটাৰ উচ্চতাৰ Gangstang শিখৰ অভিযানত পৰ্বতাৰোহী ৰবীন্দ্ৰ লাল দাসে উচ্চ উচ্চতাৰ ৰোগত আক্ৰান্ত হৈ প্ৰাণ বিসৰ্জন দিছিল।

Category