চিলা উৰুৱাই উৰিছে মন, ব্ৰহ্মপুত্ৰৰ বাকৰিত উৰিছে ৰং-বিৰঙী চিলা...

Jeevan Kite Festival in Guwahati, Assam

ৰং-বিৰঙী চিলাৰে ভৰিছে নীলাকাশ। ব্ৰহ্মপুত্ৰৰ বালিচৰত চিলা উৰুৱাবলৈ ভিৰ কৰিছে বহুতেই। আৰম্ভ হ'ল ১১ সংখ্যক জীৱন চিলা মহোৎসৱ।

Jeevan Kite Festival 2022

গুৱাহাটী মহানগৰীৰ লাচিতঘাটত ব্ৰহ্মপুত্ৰৰ বালিচৰত সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে এই মহোৎসৱ। সকলোৱে উৰুৱাইছে বিভিন্ন আকৃতিৰ নানাৰঙী চিলা।

Jeevan Kite Festival 2022

ব্ৰহ্মপুত্ৰৰ বালিচৰত চিলা উৰুওৱাৰ লগতে থলুৱা খাদ্য সম্ভাৰৰো জুতি লৈছে চিলাপ্ৰেমীয়ে। চিলাৰ বিপণিৰে সমৃদ্ধ জীৱন চিলা মহোৎসৱলৈ আগমন ঘটিছে অসংখ্য লোকৰ। সকলোৱে চিলা উৰুৱাই লৈছে আনন্দ। চিলা উৰুৱাই এৰি অহা ল'ৰালিলৈ উভতি গৈছে বহুতো। পেলনীয়া সামগ্ৰী আৰু থলুৱা আচবাবেৰে সজাই তোলা হৈছে জীৱন চিলা মহোৎসৱৰ বাকৰি। শিশুৰ মনোৰঞ্জনৰ বাবেও সংযোজন কৰা হৈছে দুঃসাহসিক ক্ৰীড়াৰ।

Category