অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম পালে দুই বাঘ পোৱালি!

Tiger

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা তথা বটানিকেল গাৰ্ডেনত দুটা নতুন ৰয়েল বেংগল বাঘৰ পোৱালিৰ জন্ম হয়।

কাজী নামৰ বাঘিনীটোৱে শনিবাৰে জন্ম দিয়া এই পোৱালি দুটাৰ সৈতে চিৰিয়াখানাত ৰয়েল বেংগল বাঘৰ সংখ্যা ৯টালৈ বৃদ্ধি হৈছে। কাজীয়ে ২০২০ চনৰ আগষ্টতো দুটা পোৱালি জন্ম দিছিল।

baby Tiger

অসম ৰাজ্যিক চিৰিয়াখানাৰ ডিএফঅ' ড০ অশ্বিনী কুমাৰে জনাই যে চিৰিয়াখানাত পিঞ্জৰাৰ বাহিৰত ঠাণ্ডাৰ পৰা ৰক্ষা কৰাৰ বাবে হিটাৰ আৰু জুইৰে তাপ দি থকা হৈছে। সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বিষয়ে জানিবলৈ দি কুমাৰে পোৱালি দুটি ভাল অৱস্থাত থকা বুলি জনাইছে।

আনহাতে মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) অমিত সাহাই কয়, ''মাতৃ কাজীক অন্যান্য পশু চিকিৎসাৰ লগতে খাদ্য ৰূপে প্ৰায় ৬-৭ কিলোগ্ৰাম মাংস প্ৰদান কৰা হৈছে।" তেওঁ লগতে বেষ্টনীৰ ভিতৰত আৰু ইয়াৰ চাৰিওফালৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যাতে মাক আৰু পোৱালিবোৰ কোনো ৰোগত আক্ৰান্ত নহয়।

 

Category