ইউটিউবাৰসকলৰ ওপৰত নজৰ ৰাখিব ৰাজ্য চৰকাৰে

Himanta Biswa Sarma

আজি ৰাজ্যৰ বানপৰিস্থিতিক লৈ পৰ্যালোচনা বৈঠক ৰাজ্য চৰকাৰৰ। বৈঠকৰ পিছতে সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ। 

সংবাদমেলতে বানৰ নামত পুঁজি সংগ্ৰহ কৰা ইউটিউবাৰক লৈ কেইবাটাও ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ।

বানপানীৰ সুযোগ লৈ সাহায্যৰ নামত ধন সংগ্ৰহ কৰা ৭২জন ইউটিউবাৰৰ ওপৰত চৰকাৰে ৰাখিছে নজৰ। 

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইউটিউবাৰসকলে সংগ্ৰহ কৰা পুঁজি প্ৰকৃততে বানাক্ৰান্তৰ ওচৰলৈ গৈছেনে নাই, সেই বিষয়ে চৰকাৰে পৰ্যবেক্ষণ কৰিব।

উল্লেখ্য যে, ইউটিউবাৰসকলে সঘনে অনলাইন আৰু ৰাজহুৱাভাৱে যি পুঁজি সংগ্ৰহ কৰিছে, সেই ধন প্ৰকৃততে দুৰ্দশাগ্ৰস্ত বানাক্ৰান্ত লোকসকলৰ ওচৰ পাইছেগৈনে নাই, চৰকাৰে তাৰ সঠিক পৰ্যবেক্ষণ কৰিব। 

সংগৃহীত অনুদান বানাক্ৰান্ত অঞ্চলসমূহত সঠিকভাৱে ব্যৱহৃত হৈছে নে নাই, সেই বিষয়টো চৰকাৰে পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিব যাতে বানৰ অচিলা লৈ কোনো ধৰণৰ বিত্তীয় অনিয়ম নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে স্পষ্ট কৰে যে, চৰকাৰৰ উদ্দেশ্য কাৰোবাক নিৰ্যাতন চলোৱা নহয়। যিসকল ইউটিউবাৰে সঁচাকৈয়ে নিষ্ঠাৰে কাম কৰিছে আৰু সংগৃহীত পুঁজি প্ৰকৃত আৰ্তজনৰ ওচৰলৈ প্ৰেৰণ কৰিছে, তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ’ব। ৰাজ্য চৰকাৰে বান সাহায্যৰ নামত স্বচ্ছতা আৰু জবাবদিহিতা বজাই ৰখাৰ উদ্দেশ্যে এই বিশেষ তদাৰকী ব্যৱস্থা গ্ৰহণ কৰা বুলি ব্যক্ত কৰে।

Category