ৰাজ্যবাসীলৈ সুখবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰে ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ।
ৰহাৰ সুৰেন পাটৰ সুলভ মূল্যৰ দোকানৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে।
আঁচনি শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এইবাৰৰ নিৰ্বাচনৰ পিছতে বাজেট অধিৱেশন নোহোৱা বাবে প্ৰায়বোৰ আঁচনি বন্ধ হৈ গৈছিল। ইয়াৰ ফলত ৰাইজৰ কষ্ট হৈছিল। আগষ্ট মাহৰ পৰা জনমুখী আঁচনিসমূহ আৰম্ভ কৰিম বুলি মই ৰাইজক আশ্বাস দিছিলোঁ"।
"১ আগষ্টত অৰুণোদয় আঁচনি আৰম্ভ কৰিলোঁ। ৬ আগষ্টৰ পৰা নিযুত বাবু আৰু নিযুত মইনা আঁচনি আৰম্ভ কৰিলোঁ আৰু আজি সুলভ মূল্য মচুৰ দাইল আৰু চেনী বিতৰণ আৰম্ভ কৰিলোঁ।’’
মুখ্যমন্ত্ৰীগৰকীয়ে লগতে কয় যে ‘‘বৰ্তমান আমি নিমখ দিব পৰা নাই, কিছু কাৰিকৰী অসুবিধাৰ বাবে। কিছুদিন পিছৰ পৰা আপোনালোকে দাইল, চেনী আৰু নিমখো লাভ কৰিব। এতিয়াৰ পৰা প্ৰতিমাহৰ ১ৰ পৰা ১০ তাৰিখৰ ভিতৰত আমি পালন কৰা ‘অন্ন সেৱা সপ্তাহ’ত বিনামূলীয়া চাউল আৰু সুলভ মূল্যৰ চেনী আৰু দাইল লাভ কৰিব। পৰৱৰ্তী সময়ত সুলভ মূল্যত মিঠাতেল আৰু নিমখ দিব পাৰো তাৰ চিন্তাচৰ্চা কৰা হৈছে। ইয়াৰ লগতে যিসকল অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিছে, শাহুৱেক আৰু বোৱাৰীয়েকৰ দুয়োগৰাকীকে অৰুণোদয় আঁচনি দিব পাৰি তাৰ চিন্তাচৰ্চা কৰিম।’’
- Log in to post comments