মাছৰ প্ৰজনন সময়ত অবাধ মৎস্য চিকাৰ ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা

nagaon news

নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এক বিশেষ নিৰ্দেশনা জাৰি।

মাছৰ প্ৰজনন সময়ত অবাধ মৎস্য চিকাৰ ৰোধ কৰিবলৈ আৰু উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে এই নিৰ্দেশনা জাৰি।

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা 

নিষেধাজ্ঞা অনুসৰি, ১ এপ্ৰিলৰ পৰা ৩১ জুলাইলৈকে ঘোষিত মৎস্য ক্ষেত্ৰত ৰৌ, ভকুৱা, মৃগা, মালি, চিতল, খৰিয়া, কুহি আদি প্ৰজাতিৰ মাছ ধৰাত নিষিদ্ধ ঘোষণা কৰিছে। তদুপৰি ১ চেন্টিমিটাৰত কৈ কম ব্যাসৰ ফুটা থকা জালৰ ব্যৱহাৰো নিষিদ্ধ ঘোষণা কৰিছে। যিকোনো প্ৰজাতিৰ সৰু পোৱালী মাছ বা কণীপৰা মাছ ধৰা, মৰা বা বিক্ৰি কৰা সম্পূৰ্ণৰূপে বাৰণ কৰা হৈছে। 


 

Category