সমাগত বিধান সভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ভাৰতীয় জনতা পাৰ্টিৰ 'জন আশীৰ্বাদ যাত্রা' আগবাঢ়ি যোৱাৰ লগে লগে ৰাজ্যজুৰি জনতাৰ উৎসাহ আৰু সমর্থন দিনে দিনে অধিক শক্তিশালী হৈ পৰা পৰিলক্ষিত হৈছে।
'জন আশীৰ্বাদ যাত্রা'ত ৰাস্তাৰ কাষে কাষে সমৰেত হোৱা বৃহৎ জনসমাগম, শিশুয়ে মুখ্যমন্ত্রীক দেখি আপোনপাহৰা হৈ কথা পতা, মহিলাসকলে আশীর্বাদ জনোৱা।এই সকলো দৃশ্যই অসম মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি জনতাৰ গভীৰ মৰম আৰু আস্থা প্ৰতিফলিত কৰিছে। জিলা আৰু বিধান সভা সমষ্টিসমূহত দেখা পোৱা মৰম আৰু আবেগিক সম্পর্কই এই যাত্রাক এক বৃহৎ গণআন্দোলনত পৰিণত কৰিছে। মুখ্যমন্ত্ৰীৰ কনভয় আগবাঢ়ি যোৱাৰ সময়ত বহু লোকে নিজৰ মোবাইল ফোনত সেই মুহূৰ্তবোৰ বন্দী কৰিবলৈ আগ্রহ প্রকাশ কৰিছে।
পথৰ পৰা সামাজিক মাধ্যমলৈকে সকলোতে এতিয়া একেই শ্ল'গান প্রতিধ্বনিত হৈছে- আহিছে আহিছে, হিমন্ত আহিছে।
জন আশীর্বাদ যাত্রাই মাত্র ৮ দিনত ৰাজ্যৰ ১১খন জিলাৰ ২৯টা বিধান সভা সমষ্টি অতিক্ৰম কৰিছে। যাত্ৰাৰ বিভিন্ন পর্যায়ত ২৯জন বিধায়ক আৰু ৬জন সাংসদে অংশগ্ৰহণ কৰিছে। এই সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে ৮৫টা স্থানত জনতাৰ সৈতে মত-বিনিময় কৰি সমাগত নিৰ্বাচনৰ বাবে তেওঁলোকৰ আশীর্বাদ বিচাৰিছে।
ইতিমধ্যে যাত্রাই ১০০০ কিলমিটাৰতকৈ অধিক পথ অতিক্ৰম কৰিছে। এই যাত্ৰাৰ ব্যাপকতা প্রতিফলিত হৈছে এই যাত্ৰাৰ অন্তৰ্গত কাৰ্যসূচীত অনুষ্ঠিত ১,১৭৪টা কার্যসূচীত। গাঁও, নগৰ আৰু চহৰত মিলাই ১৫ লাখতকৈ অধিক মানুহে এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। এই অভূতপূর্ব সঁহাৰিয়ে স্পষ্টকৈ দেখুৱাইছে যে অসমৰ জনতাই ৰাজ্যত বিজেপি চৰকাৰৰ নেতৃত্ব আৰু উন্নয়নৰ ওপৰত গভীৰ আস্থা ৰাখিছে।
২০১৬ চনৰ পৰা এন ডি এ চৰকাৰৰ শাসনত অসমে যি উন্নয়নৰ গতি লাভ কৰিছে, তাৰ প্ৰভাৱ ৰাজ্যজুৰি স্পষ্টকৈ অনুভৱ কৰা পৰিলক্ষিত হৈছে। দ্বৈত ইঞ্জিন চৰকাৰৰ অধীনত ৰাজ্যখনত আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, শিক্ষা আৰু যাতায়াত ব্যৱস্থাত উল্লেখযোগ্য অগ্রগতি সাধন হৈছে। ৰাজ্যত কেইবাখনো নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে, এইমছ গুৱাহাটী ইতিমধ্যে কার্যক্ষম হৈছে, আৰু আই আই এমৰ দৰে প্ৰতিষ্ঠানৰ নিৰ্মাণ তথা প্ৰতিষ্ঠাৰ জৰিয়তে অসম চৰকাৰ মানুহৰ মনৰ মাজত সোমাবলৈ সক্ষম হৈছে।
ৰাষ্ট্ৰীয় ঘাইপথ আৰু সেতুসমূহৰ দ্রুত উন্নয়ন, নতুন ঔদ্যোগিক প্রকল্প লগতে ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ দৰে পদক্ষেপে ৰাজ্যখনত বিনিয়োগ আৰু অর্থনৈতিক বিকাশ অধিক শক্তিশালী কৰিছে। নিজৰ ভাষণত মুখ্যমন্ত্রীয়ে এই সকলো উন্নয়নমূলক সাফল্যৰ কথা উল্লেখ কৰাৰ লগতে অসমৰ পৰা অনুপ্ৰৱেশকাৰীক উৎখাত কৰাৰ সংকল্প পুনৰ ব্যক্ত কৰিছে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ প্ৰতি দেখুওৱা বিশেষ মৰম আৰু আগন্তুক সময়ত চৰকাৰে পুনৰ দায়িত্ব পালে ৰাজ্যখনৰ বাবে গ্রহণ কৰিবলগীয়া উন্নয়নৰ দৃষ্টিভংগীৰ বিষয়েও তেওঁ জনতাক অৱগত কৰে।
জন আশীর্বাদ যাত্ৰাৰ আলোচনা কেৱল ৰাজপথৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। সামাজিক মাধ্যমতো এই যাত্রাই এক বৃহৎ আলোচনাৰ বিষয় হৈ পৰিছে। ফেচবুক আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মসমূহত যাত্ৰাৰ সময়ত দেখা পোৱা বৃহৎ জনসমাগম আৰু আবেগিক মুহূৰ্তসমূহৰ ভিডিঅ' আৰু ফটোৰ ব্যাপক ভাগ-বাটোৱাৰা কৰা হৈছে। এই ডিজিটেল সঁহাৰিয়ে স্পষ্টকৈ দেখুৱাইছে যে জন আশীর্বাদ যাত্ৰা কেৱল এক ৰাজনৈতিক অভিযান নহয়; ই বিশ্বাস, উন্নয়ন, সবল নেতৃত্ব আৰু জনতাৰ মাজৰ গভীৰ সম্পৰ্কৰ এক উদযাপন হিচাপে পৰিগণিত হৈছে।
- Log in to post comments