আজিৰে পৰা আৰম্ভ জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশন৷ দূৰ-দূৰণিৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজ উপস্থিত উদুলি মুদুলি পৰিবেশ সৃষ্টি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু সৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই হৈছে এই অনুষ্ঠানৰ মূল উদ্দেশ্য।
উল্লেখ্য যে, উজনি আৰু নামনিমুৱা ৰে'লত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰিহাট অধিৱেশনলৈ অহা ভকত বৈষ্ণৱে ভীৰ কৰিছে জামুগুৰিহাটৰ ধলাইবিলৰ ৰে'ল ষ্টেচনত। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি জামুগুৰিহাটৰ ধলাইবিলৰ ৰে'ল ষ্টেচনত উপস্থিত হোৱা ভকত বৈষ্ণৱ তথা আইমাতৃয়ে লৈছে হৰিনাম।
ইয়াৰ পাছত আইমাতৃ আৰু ভকতসকলে পদব্ৰজে আহি উপস্থিত হয় অধিৱেশনস্থলীত। সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ সেৱক সেৱিকাসকলে এই সকল ভকসকলক আদৰণী জনোৱাৰ পাছত অস্থায়ী নামঘৰত সেৱা গ্ৰহন কৰে আইমাতৃ ভকতসকলে।
মুঠতে এক সম্পূৰ্ণ আধ্যাত্মিক ভক্তিৰসৰে পৰিবেষ্টিত দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে ধলাইবিল নাহৰবাৰী ক্ষেত্ৰ।
- Log in to post comments