কাইলৈৰ পৰা অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন

jamugurihat news

কাইলৈৰ পৰা অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন।ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনস্থলীৰ প্ৰায় ৯৯ শতাংশ কাম ।গুৰুৰ বাণীৰে মুখৰিত হৈ পৰিছে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱ সকলক আদৰিবলৈ সাজু হৈছে আদৰণি সমিতিৰ লগতে কেন্দ্ৰীয় সেৱা বাহিনীৰ সদস্য সকল৷।

পুৱাৰে পৰাই সন্ধিয়া পৰ্য্যন্ত সমাগত ঘটিছে হেজাৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে আইমাতৃ যুৱক যুৱতীৰ। সংঘৰ সেৱা বাহিনীৰ সদস্য সকলেও অধিৱেশনখনি সফল কৰাত হাত উজান দিছে। প্ৰতিনিধি শিবিৰ সমূহ সুন্দৰ ৰূপত নিৰ্মাণ হৈ উঠাৰ পিছতেই সেৱাবাহিনীৰ সদস্য সকলে অধিবেশনস্থলীৰ সাতটাকৈ প্ৰৱেশ পথৰ দুয়োকাষে সংঘৰ পতাকা স্থাপন কৰাত ব্যস্ত হৈ পৰিছে।

এইসকল সেৱা বাহিনীৰ সদস্য সদস্যাই কিন্তু পাহৰা নাই হৰিনাম লবলৈ৷ এইবাৰৰ অধিবেশনস্থলীৰ মুল মণ্ডপৰ সন্মুখৰ বাটচ'ৰা ভাগে আকৰ্ষণ কৰিছে সকলোৰেই দৃষ্টি। শংকৰী সংস্কৃতিৰ গায়ন বায়ন আৰু সূত্ৰধাৰে নৃত্য প্ৰদৰ্শন কৰাৰ সময়ত শিৰত পিন্ধা মথুৰা পাগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে মূল মণ্ডপৰ বাটচ'ৰা ভাগ। আকৰ্ষণীয় বাটচ'ৰা ভাগে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।

উল্লেখযোগ্য যে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন উপলক্ষে বিভিন্ন জাতি জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্য্যসুচীত অংশগ্ৰহণ কৰিব জামুগুৰিহাটৰে জীয়াভৰলীৰ মিচিং জনগোষ্ঠীয় যুৱক যুৱতী সকলে৷ এই সকল মিচিং জনগোষ্ঠীয় যুৱক যুৱতীয়ে প্ৰদৰ্শন কৰিব নিজৰ সংস্কৃতি গোমৰাগ নৃত্যৰ অনুষ্ঠান৷ ইয়াৰ বাবেই নিতৌ পুৱা গধূলি গোমৰাগ নৃত্যৰ অনুশীলনত ব্যস্তহৈ আছে এই সকল মিচিং যুৱক যুৱতী৷ 

Category