ঘৰুৱা কন্দলৰ বাবেই পত্নীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে স্বামীক।।

Sensational Incident

পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি । ঘৰুৱা কন্দলৰ বাবেই পত্নীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে স্বামীক।।

হত্যা,হিংসা , ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এইবাৰ মেৰাপানীত সংঘটিত হৈছে আন এক হত্যাকাণ্ডৰ ঘটনা।

মেৰাপানীৰ চাউদাং পথাৰ দচুকত লোমহৰ্ষক হত্যাকাণ্ড।পত্নীৰ দাৰ ঘাপত থিতাতে নিহত স্বামী নৰেশ্বৰ ঠেঙাল নামৰ লোকজন।

হত্যাকাৰী পত্নী ৰূপা ঠেঙালৰ মেৰাপানী আৰক্ষী থানাত আত্মসমৰ্পণ। পাৰিবাৰিক কন্দলৰ পৰিণতিত এই হত্যাকাণ্ড।

Category