জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ চাৰ্জশ্বীট সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য।
সোমবাৰে জামুগুৰিহাটত চাৰ্জশ্বীট দাখিলৰ সময়ক লৈ মুখ্যমন্ত্ৰীয়ে কৰে নতুন ঘোষণা।মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট আমি ১৭ ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ ৮ তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে।’’। ‘‘আমি সকলোফালৰ পৰাই প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বীট দিয়াৰ আগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ।’’
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘মই ভাবো যে অহা তিনি-চাৰিদিনৰ ভিতৰতে SITয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ লিখিব। অনুমোদন আমি পাই যাম। লগে লগে আমি ৭, ৮ বা ৯ তাৰিখৰ ভিতৰত চাৰ্জশ্বীট দি দিম।’’
নৰ্থ-ইষ্ট ফেষ্টিভেলত অসম চৰকাৰে অনুদান দিয়া অভিযোগ নস্যাৎ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘নৰ্থ-ইষ্ট ফেষ্টিভেলত অসম চৰকাৰে এটকাও দিয়া নাই। অসম চৰকাৰৰ বৰঙণি নাই। দুই-এজন সাংবাদিক গৈছিল কিন্তু। বেংককতো গৈছিল সাংবাদিক। আমি কোনো যোৱা নাই।’’
- Log in to post comments