সোৱাদত তিক্ত তিতা কেৰেলাৰ লাভালাভৰ বিষয়ে জানেনে নে আপুনি ?

 Benefits of Bitter Gourd

তিতা কেৰেলা ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু বহু ৰোগৰ পৰা ৰক্ষা কৰে।কিছুমানে ইয়াৰ তিতা সোৱাদৰ বাবে খাবলৈ পছন্দ নকৰে।কিন্তু সোৱাদত তিতা হ’লেও ই স্বাস্থ্যৰ বাবে উপকাৰী।ঔষধি গুণেৰে পৰিপূৰ্ণ তিতা কেৰেলাৰ ৰস উলিয়াই খালে যথেষ্ট উপকাৰিতা পোৱা যায়। আহক চোন আজি আমি ইয়াৰ বিষয়ে জানো(Health Benefits of Bitter Gourd) তিতা কেৰেলাত ইমানেই ঔষধী গুণ আছে যে,যি শুনিলে আপুনিও আচৰিত হ’ব। তিতা কেৰেলাৰ শিপা, গা-গছ আৰু পাত আয়ুৰ্বেদৰ মতে অতি উপকাৰী। তিতা কেৰেলাত ভিটামিন বি-১, বি-২, বি-৩, বি-৫, বি-৬, বি-৯, ভিটামিন-চি, ভিটামিন-ই, ভিটামিন-কে আৰু খনিজ (মেগনেচিয়াম, মেংগানিজ, জিংক, চেলেনিয়াম, কেলচিয়াম, ফচফৰাচ, আইৰণ, কপাৰ, ফাইটো নিউট্ৰিয়েণ্ট, ইলেকট্ৰলাইট ,প’টেচিয়াম আৰু চ’ডিয়াম যথেষ্ট পৰিমাণে আছে যি আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। কিডনিৰ পাথৰ নিষ্কাষনত উপযোগী তিতাকেৰেলা ৷ তিতা কেৰেলা খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয় ৷ তিতা কেৰেলাই লিভাৰৰ টনিকৰ দৰে কাম কৰে আৰু আভোক আঁতৰায় ৷ তিতা কেৰেলাই ইয়াত থকা এণ্টিঅক্সিডেণ্ট, ফাইটোনিউট্ৰিয়েণ্ট আৰু ভিটামিনৰ সহায়ত আমাৰ শৰীৰৰ ইমিউনিটি বঢ়ায় অৰ্থাৎ ৰোগ প্ৰতিৰোধত সহায় কৰে৷ কাণৰ বিষ হলে তিনি দিন মান তিতা কেৰেলাৰ ৰস দিলে আৰোগ্য হয়৷ কেৰেলাত ফছফৰাছ থাকে যিয়ে কফ,কোষ্ঠকাঠিন্য আৰু পাচনজনিত সমস্যা দূৰ কৰে। তিতা কেৰেলাই হজম ভাল কৰে। যদি আপুনি মেদবহুলতাৰ সমস্যাত ভুগিছে তেন্তে কেৰেলা খাওক । তিতা কেৰেলাৰ ৰসে মেদবহুলতা কমোৱাত যথেষ্ট সহায় কৰে। কেৰেলাত অতি কম কেলোৰি থাকে যাৰ ফলত কেলোৰি নিয়ন্ত্রণত থাকে আৰু ওজন বৃদ্ধি নকৰে। কেৰেলাৰ ৰস খালে ওজন হ্রাস কৰে ।তিতা কেৰেলাই ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়। তিতা কেৰেলা ডায়েবেটিছ ৰোগীসকলৰ বাবে অতি উপকাৰী। বমি ভাব হ’লে সামান্য জালুকৰ সৈতে তিতা কেৰেলা মিহলাই খোৱালে বমি বন্ধ হয় ৷ তিতা কেৰেলাত ভিটামিন-কে থকা বাবে তেজ গোট মৰা আৰু হাঁড় মজবুট কৰাত সহায় কৰে ৷ তিতা কেৰেলা খালে চুলি অকালতে পকা ৰোধ হয়৷ তিতা কেৰেলা পিচি মূৰত লগালে উফিৰ বিনাশ হয় আৰু চুলি সৰা বন্ধ হয়৷মস্তিস্কৰ ক্ৰিয়াৰ উন্নতি ঘটায়৷ নিদ্ৰা আৰু দৃষ্টি শক্তিৰ উন্নতি কৰে৷

Category