জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ৰ ‘মোৰ মন’ নামৰ গীতটো উপলব্ধ হ’ল ইউটিউবত

Zubeen Garg

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু যেন এতিয়াও কোনোৱেই মানি ল’ব পৰা নাই। শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছত প্ৰতিগৰাকী ব্যক্তি ম্ৰিয়মান হৈ আছে শোকত। কিন্তু কায়িকভাৱে জুবিন গাৰ্গ নোহোৱা হ’লেও প্ৰতিগৰাকী অসমীয়া বুকুৱে-বুকুৱে আছে জুবিন গাৰ্গ।

আজি ইউটিউবত উপলব্ধ হ’ল জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথমটো গীত। ‘মোৰ মন’ নামৰ গীতটো উপলব্ধ হ’ল ইউটিউবত।

ইউটিউবত ‘Zubeen Garg Music’ চেনেলত জুবিন গাৰ্গৰ ‘মোৰ মন’ নামৰ গীতটি উপলব্ধ হৈছে।

এই গীতটীৰ শব্দবোৰত, কণ্ঠত অনুৰাগীয়ে বিচাৰি পাইছে মৰমৰ জুবিনক। আপুনি গীতটো শুনিলেনে?

আনফালে জুবিন গাৰ্গৰ সপোনৰ ছবি আছিল ‘ৰৈ ৰৈ বিনালে’ৰ অন্তিমটো শ্বুটিং আজি সম্পন্ন হয়। জুবিন গাৰ্গৰ অবৰ্তমানত গুৱাহাটী ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত সম্পন্ন হয় জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ শ্বুটিং।

জীৱিত কালত জুবিন গাৰ্গে ঘোষণা কৰা অনুসৰি ৩১ অক্টোবৰতে মুক্তি লাভ কৰিব ছবিখন।।

Category