
কণ্ঠশিল্পী দীপলিনা ডেকাৰ সামাজিক মাধ্যমত বিশেষ প’ষ্ট। সোমবাৰে নিশাই হঠাৎ সামাজিক মাধ্যমত কৰে এটা বিশেষ প’ষ্ট।
সামাজিক মাধ্যমত কণ্ঠশিল্পীগৰাকীয়ে লিখে… ‘‘এটা সময় আছিল, কৈছিলো, সদায়, ৰাজনীতি ভাল পাওঁ, ভাল লাগে। আজি অতি দুখ মনেৰে, খুব লাজ পায় কৈছো, নাই, নালাগে, অতি বেয়া এই ক্ষেত্ৰ খন! সকলোকে কেৱল ক্ষমতা লাগে, কেৱল ক্ষমতা! এজন নহয়, দুজন নহয়, প্ৰায় প্ৰতিজনেই এতিয়া কেৱল তৰল ৰাজনীতিত নামিছে। কি দল, কোন নেতা, কোন দলৰ সভাপতি, প্ৰায় সকলোৱে, কোনো বাকী নাই। জুবিন দাৰ মৃত্যুৰ সুযোগ প্ৰায় সকলোৱে লৈছে যেন অনুভৱ কৰিছো। আমি সকলোবোৰ জানো, বুজো, কিন্তু কি কম, কাক কম, শুনিবনে, বুজিবনে? আমি নতুন প্ৰজন্ম। Productive আৰু Progressive Politics বিচাৰো, আমাৰ কাৰণে, দেশৰ কাৰণে, ভৱিষ্যতৰ কাৰণে। কিবা এটা বৰ অসহায় লাগিছে। অসম ভূমিক ৰক্ষা কৰক প্ৰভূ!’’
সামাজিক মাধ্যমত দীপলিনা ডেকাৰ এই প’ষ্টক লৈ এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।
- Log in to post comments