
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ। ঘোষণা মাতৃ-পিতৃ বন্দনাৰ দিন। ১৪ আৰু ১৫ নৱেম্বৰত চৰকাৰী কৰ্মচাৰীলৈ ‘মাতৃ-পিতৃ বন্দনা’ৰ বিশেষ ছুটী। ১৬ নৱেম্বৰ দেওবাৰ অৰ্থাৎ ৩ দিনৰ বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে। ‘মাতৃ-পিতৃ বন্দনা’ৰ বিশেষ ছুটীৰ বাবে প’ৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব কৰ্মচাৰীয়ে। https://matripitrivandana.assam.gov.in.ত কৰিব পাৰিব আবেদন। পিতৃ-মাতৃৰ লগত সময় অতিবাহিত কৰাৰ উদ্দেশ্য ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ছুটিৰ ব্যৱস্থা কৰিছিল (Matri Pitri Vandana Scheme) । ২০২২ বৰ্ষৰ পৰা আৰম্ভ হোৱা মাতৃ-পিতৃ বন্দনা আঁচনিৰ বাবে ৰাজ্যিক কৰ্মচাৰীক বিশেষ ছুটী প্ৰদান কৰা হৈছে।’মাতৃ-পিতৃ বন্দনা’ শীৰ্ষক এই আঁচনিৰ যোগেদি ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰি আহিছে বিশেষ নৈমিত্তিক ছুটী।
- Log in to post comments