গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান

Thief terror in Guwahati

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস। দিন দুপৰতে চিলনী চোৰে কাঢ়ি লৈ যায় বিভিন্ন মূল্যবান সামগ্ৰী ৷

বিগত কেইবাদিন ধৰি ৰাজ্যত প্ৰায়েই সংঘটিত হৈ আহিছে চুৰিকাণ্ডৰ ঘটনা৷ যদি কেতিয়াবা কাৰোবাৰ জেপৰ পৰা কাঢ়িছে ফোন, কেতিয়াবা আকৌ কথা পাতি থকা অৱস্থাতেই চোৰে কাঢ়ি লৈ যায় ম’বাইল৷ মুঠতে ৰাজ্যত একপ্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে চোৰে ৷

গুৱাহাটী মহানগৰীত নিতৌ মবাইল চুৰিকে ধৰি বিভিন্ন চুৰিকাণ্ডৰ ঘটনা শুনি আহিছে বা বাতৰিত চাই আহিছে। কেতিয়াবা যুৱতী,কেতিয়াবা বৃদ্ধাৰ পৰা চিলনী চোৰে থপিয়াই লৈ যায় মবাইল ফোন।কেতিয়াবা আকৌ ঘৰত কোনো নথকা সুযোগ লৈ চোৰে চলাই তাণ্ডৱ।

পুনৰ মহানগৰীত চোৰৰ তাণ্ডৱ। এইবাৰ মালিগাঁৱৰ গোশালাত চুৰিকাণ্ড।মালিগাঁৱ গোশালাত চুৰে চলালে চাফাই অভিযান।

ঘৰত গৃহস্থ নথকা অৱস্থাতে চুৰে লুটি নিয়ে সোণৰ আ-অলংকাৰৰ লগতে বহু মূল্যৱান সামগ্ৰী।

ঘটনা সম্পৰ্কত গোশালা আৰক্ষীয়ে তদন্ত আৰম্ভ।তদন্তত দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ।

চিচি টিভিৰ দৃশ্য অনুসৰি নিতুল মেধি নামৰ যুৱক জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। নিতুল মেধিক সহযোগ কৰিছিল সোণাপুৰৰ দীপক কুমাৰ জা নামৰ ব্যক্তিজনে।চিচি টিভিৰ দৃশ্য চাই দুয়োকে গোশালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

Category