
ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই।
বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হৈ আছে । মৃত্যু যেন এতিয়া সহজলভ্য হৈ পৰিছে মহানগৰীত।
পুনৰ চাঞ্চল্যকৰ ঘটনা গুৱাহাটী মহানগৰীত। এইবাৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ। মহানগৰীৰ দক্ষিণ শৰণীয়াৰ ভাড়াঘৰত উদ্ধাৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো মাজুলীৰ যুৱতী বুলবুলি শইকীয়াৰ।
জানিব পৰা মতে, বিগত নৱেম্বৰ মাহত শিৱ কলিতা নামৰ এজন যুৱকৰ সৈতে আইনীভাৱে বিবাহপাশত আবদ্ধ হৈছিল বুলবুলি শইকীয়া। শিৱ কলিতাৰ সৈতে আইনীভাৱে বিয়া পাশত আৱদ্ধ হোৱাৰ পিছতো পৃথকে-পৃথকে আছিল বুলবুলি আৰু শিৱ কলিতা। Specialities Management হিচাপে কৰ্মৰত হৈ আছিল বুলবুলি শইকীয়া। স্বামী শিৱ কলিতাৰ ঘৰ গুৱাহাটীৰ জালুকবাৰীত আছিল।
লক্ষণীয় যে, বৃহস্পতিবাৰে দক্ষিণ শৰণীয়াৰ এটা ভাৰাঘৰতৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় বুলবুলিৰ মৃতদেহ।প্ৰথমাৱস্থাত প্ৰেমিকৰ বাবে বুলবুলিয়ে চৰম সিদ্ধান্ত লোৱা বুলি সন্দেহ কৰা হৈছিল যদিও, শেহতীয়াকৈ পোহৰলৈ আহিছে যে বুলবুলি প্ৰকৃতে বিবাহিত আছিল।
ইতিমধ্যে পল্টন বজাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি স্বামী শিৱ কলিতা আটক কৰিছে। পল্টনবজাৰ থানাত উপস্থিত হৈছে বুলবুলি শইকীয়াৰ পিতৃ আৰু ভগ্নী।
বৰ্তমানেও ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা। আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।
- Log in to post comments