
ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস । দিন দুপৰতে চিলনী চোৰে কাঢ়ি লৈ যায় বিভিন্ন মূল্যবান সামগ্ৰী ৷
বিগত কেইবাদিন ধৰি ৰাজ্যত প্ৰায়েই সংঘটিত হৈ আহিছে চুৰিকাণ্ডৰ ঘটনা ৷ যদি কেতিয়াবা কাৰোবাৰ জেপৰ পৰা কাঢ়িছে, কেতিয়াবা আকৌ কথা পাতি থকা অৱস্থাতেই চোৰে কাঢ়ি লৈ যায় ম’বাইল ৷ মুঠতে ৰাজ্যত একপ্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে চোৰে৷
গুৱাহাটী মহানগৰীত নিতৌ মবাইল চুৰিকে ধৰি বিভিন্ন চুৰিকাণ্ডৰ ঘটনা শুনি আহিছে বা বাতৰিত চাই আহিছে। কেতিয়াবা যুৱতী,কেতিয়াবা বৃদ্ধাৰ পৰা চিলনী চোৰে থপিয়াই লৈ যায় মবাইল ফোন।কেতিয়াবা আকৌ ঘৰত কোনো নথকা সুযোগ লৈ চোৰে চলাই তাণ্ডৱ। চোৰৰ ভয়ত ৰাস্তাত মবাইল ওলাবলৈও ভয় হৈ পৰিছে মহানগৰীত।
পুনৰ মহানগৰীত চোৰৰ তাণ্ডৱ। এইবাৰ মালিগাঁৱৰ গোশালাত চুৰিকাণ্ড। প্ৰায় ১২ লাখ টকাৰ সোণৰ লগতে ২১হাজাৰ নগদ ধন আৰু বহু মূল্যবান সামগ্ৰী লুটি নিয়ে চুৰে। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলাই তাণ্ডৱ।
জানিব পৰা মতে, আইতাকৰ কাজৰ বাবে জামুগুৰি লৈ গৈছিল পৰিয়ালটো।। গৃহস্থ ঘৰত নথকা সময়তে মালিগাওঁ গোশালাস্থিত ঘৰত সংঘটিত হয় এই ভয়ংকৰ চুৰি কাণ্ড।
এতিয়া প্ৰশ্ন হয় কাৰ নেতৃত্বত গুৱাহাটী মহানগৰীত চলি আছে চুৰিকাণ্ড। কিয় কোনো গুৰুত্ব নাই জালুকবাৰী তথা গোশালা আৰক্ষীৰ?
- Log in to post comments