ঘৰুৱা উপকৰণ ব্যৱহাৰ কৰি কিদৰে ভৰি বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি?....

knee pain

বৰ্তমান ব্যস্ততাৰ জীৱনটোত সকলোৱে নিজ নিজ কৰ্মক লৈ ব্যস্ত। দিনৰ দিনটো কৰ্ম ব্যস্ততাৰ অন্তত শৰীৰটোৰ যতন খুব কম সংখ্যক মানুহে হে লয়। তাৰ মাজতে অধিকাংশ লোকৰ ভৰিৰ বিষে যমৰ যাতনা ভোগায়।

বৰ্তমান সময়ৰ ভেজাল খাদ্যৰ বাবে যিকোনো বয়সৰ লোকৰে এই ভৰি বিষৰ সমস্যা হ'ব পাৰে, আনকি শিশুসকলেও এই বিষত খুব কষ্ট ভোগে। ভৰিৰ বিষৰ কাৰণ বহু। ইয়াৰ ভিতৰত পেশীত চাপ পৰা, সঠিক ৰক্ত সঞ্চালনৰ অভাৱ আদি অন্যতম। 

উল্লেখ্য যে, শৰীৰৰ হাড় দুৰ্বল হলেও ভৰিৰ বিষ হ'ব পাৰে। কেতিয়াবা এই বিষে ইমানেই গুৰুতৰ ৰূপ লয় যে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতেই পেইন কিলাৰ খায়।।ডাক্তৰৰ পৰামৰ্শ অনুসৰি সঘনাই পেইন কিলাৰ খোৱাটো স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক। 

এনে পৰিস্থিতিত, ভৰিৰ বিষৰ সমস্যা দূৰ কৰিবলৈ আপুনি কিছুমান ঘৰুৱা প্ৰতিকাৰৰ সহায় ল'ব পাৰে। সেই সমূহ হৈছে-

নিম পাতৰ ব্যৱহাৰ - নিম পাত ব্যৱহাৰ কৰি ভৰিৰ বিষ কম কৰিব পাৰি এই নিম পাতে ভৰিৰ বিষত ঔষধৰ দৰে কাম কৰে। গতিকে, ইয়াক ব্যৱহাৰ কৰিবলৈ অলপ নিম পাত পানীত উতলাই তাত ৩-৪ চামুচ ফিটকিৰি গুৰি মিহলি কৰিব। পানীখিনি কুহুমীয়া গৰম হ’লে তাত ভৰি দুখন অলপ সময়ৰ বাবে তিয়াই ৰাখিলে কিছু পৰিমাণে ভৰিৰ বিষৰ পৰা সকাহ পাব পাৰে। এই ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰা খুব সোনকালেই ভৰিৰ বিষৰ পৰা সকাহ পাব।

নিয়মীয়া ব্যায়াম - নিয়মীয়া ব্যায়াম তথা যোগ কৰাৰ ফলত ভৰিৰ তেজ চলাচল নিয়মীয়া হয়। যিয়ে ভৰিৰ বিষৰ পৰা সকাহ দিয়ে।

লং তেলৰ সৈতে মালিচ - তিল তেলৰ সৈতে লেভেণ্ডাৰ তেল আৰু লং তেল মিহলি কৰি মালিচ কৰিলেও খুব সোনকালে ভৰিৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি।

ঘিউ খাব - দেশী ঘিউৰ সৈতে গিলয় বা অমৰ লতাৰ ৰস খালেও ভৰিৰ বিষৰ পৰা সকাহ পাব পাৰে।

ষ্ট্ৰেচিং - সময়ে সময়ে ভৰি ষ্ট্ৰেচিং বা প্ৰসাৰিত কৰিও আপুনি ভৰিৰ বিষৰ যাতনাৰ পৰা মুক্তি লাভ কৰিব পাৰে।

Category
Profile picture for user UB Photos