ছলমান খানৰ সম্পত্তিৰ পৰিমাণ কিমান? কি কি বিলাসী বাহন আছে অভিনেতাগৰাকীৰ?....

Salman Khan

ছলমানৰ সম্পত্তিৰ পৰিমাণ কিমান? ছলমান খানে প্ৰতিখন ছবিত ১০০ কোটি টকা লয়। চাৰি দশকৰো অধিক সময় ধৰি অগণন অনুৰাগীক মনোৰঞ্জন দি আহিছে বলীউডৰ ভাইজান। আৰু এই দীঘলীয়া ভ্ৰমণত দৰ্শকৰ মৰমৰ উপৰিও ছলমান পাহাৰ সদৃহ সম্পত্তিৰ অধিপতি। অভিনেতাজনৰ নেট ৱৰ্থ কিমান?  শেহতীয়াকৈ এটা সমীক্ষাত দাবী কৰা হৈছে যে ছলমানে বছৰি প্ৰায় ২০০ কোটি টকা উপাৰ্জন কৰে!

salman khan

সেই অনুপাতত বৰ্তমান ছলমানৰ মুঠ সম্পত্তি ২ হাজাৰ ৮৫০ কোটি! ছলমানৰ প্ৰতিখন ছবিত অভিনয় কৰাৰ বিনিময়ত কিমান টকা লয় জানেনে আপুনি। ১৯৮৮ চনত মুক্তি লাভ কৰা ছলমানৰ প্ৰথমখন ছবি ‘বিবি হো তো আইছি’। এই ছবিখনত ছলমানে অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল। ছবিখনৰ বাবে তেওঁ ১১ হাজাৰ টকা লৈছিল। বৰ্তমান সেই মানুহজনে প্ৰতিখন ছবিৰ বাবে ১০০ৰ পৰা ২০০ কোটি মাচুল লয়! 

salman khan

ছলমানৰ ব্যক্তিগতভাৱে অ’ডি, বিএমডব্লিউ, মাৰ্চিডিজ, ৰেঞ্জ ৰভাৰ ভোগ, লেণ্ড ক্ৰুজাৰ আৰু এখন লেক্সাছকে ধৰি মুঠ ৬খন বিলাসী গাড়ীৰ মালিক । মটৰবাইকৰ প্ৰতি থকা ছলমানৰ প্ৰেম বহুত বেছি। তেওঁৰ এখন ছুপাৰবাইকও আছে। সূত্ৰ অনুসৰি ছলমানৰ হাতত মুঠ ৪খন মটৰবাইক আছে।

ইয়াৰ ভিতৰত হায়াবুছা কোম্পানীৰ বাইকখনৰ দাম ১৭ লাখ টকা। বাকী দুখন বাইকৰ দাম ১৬ লাখ। তেওঁৰ ইয়ামাহা কোম্পানীৰ আন এখন বাইক আছে। ইয়াৰ দাম ২০ লাখ । ছলমানৰ সংগ্ৰহত আছে এক বিলাসী মনোমোহা। ইয়াৰ দাম ৩ কোটি টকা।

Category
Profile picture for user UB Photos