অসমৰ মোহত কোৰিয়ান পপ তাৰকা! পপ তাৰকা Aooraৰ মুখত বিহু গীত…

aoora

কোৰিয়ান পপ সংগীত আৰু বিহুগীত ভাল পোৱাসকললৈ সুখবৰ। কণ্ঠশিল্পী নিলুৎপল বৰা আৰু দক্ষিণ কোৰিয়াৰ বিখ্যাত পপ তাৰকাৰ সংমিশ্ৰণত বিহু গীত। ২২এপ্ৰিলত মুক্তি লাভ কৰা নীলোৎপল বৰাৰ “ঐ নাচনী” বিহুগীতটোৱে এতিয়া খলকনি তুলিছে ৰাজ্যত।

গীতটিত তেওঁৰ লগতে কণ্ঠদান কৰিছে দক্ষিণ কোৰিয়াৰ বিখ্যাত পপ তাৰকা Aooraই ৷ কোৰিয়ান পপ শিল্পীগৰাকীৰ কণ্ঠত বিহুগীতটি মুক্তি লাভৰ পিছতে শ্ৰোতাৰ পৰা যথেষ্ট সমাদাৰ লাভ কৰা দেখিবলৈ পোৱা গৈছে। গীতটিৰ আৰম্ভণিতে অসমৰ জনপ্ৰিয় ইউটিউবাৰ দিম্পু বৰুৱাকো দেখিবলৈ পোৱা গৈছে।

গীতটোৰ কথা সুনিত গগৈ, সংগীত কৰিছে নীলোৎপল বৰাই। গীতটিৰ কৰিগ্ৰাফী কৰিছে শচীন বৰুৱাই। উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে Aooraৰ কণ্ঠত নীলোৎপল বৰাৰ”চেকচেকি পৰুৱা” বিহুগীতটিৰ কিছু অংশ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

Category
Profile picture for user UB Photos