Political News

অন্ত পৰিল পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ। শনিবাৰে বিয়লি ৫ বজাৰ লগে লগে অন্ত পৰিল প্ৰচাৰ অভিযান। ২০ মে’ত অনুষ্ঠিত হ’ব পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। দেশৰ ৪৯টা লোকসভা সমষ্টিত হ’ব ভোটগ্ৰহণ।৬৯৫ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব EVMত। বহু হাইপ্ৰফাইল প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত।

আমেথিত স্মৃতি ইৰাণী, ৰায়বৰেলীত ৰাহুল গান্ধী, লক্ষ্ণৌত ৰাজনাথ সিং, হাজিপুৰত চিৰাগ পাছোৱান, মুম্বাই নৰ্থত পীযুষ গোৱেলৰ ভাগ্য বন্দী হ’ব EVMত। মুম্বাই নৰ্থ চেণ্ট্ৰেলত উজ্জ্বল নিকম, বাৰামূলত ওমৰ আব্দুলাৰো ভাগ্য বন্দী হ’ব EVMত।