হেলেমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টকৌবাৰী ৰে'লৱে অ'ভাৰ ব্ৰীজৰ সমীপত হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত অভিযান। অভিযানত বৃহৎ গৰু চুৰি কাৰ্যৰ উদ্ধাৰ
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাৰ তদাৰকত আন দিনাৰ দৰেই মঙলবাৰে নিশাও হেলেম আৰক্ষীৰ এটা দলে অঞ্চলটোত নৈশ অভিযান চলাই আছিল। মাজ নিশা প্ৰায় ৩ বজাত অভিযানকাৰী দলটো টকৌবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰে'লৱে অ'ভাৰ ব্ৰীজৰ সমীপত উপস্থিত হয়। সেই সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা টকৌবাৰী গাঁৱলৈ সোমোৱা পথটোৰ সমীপত বাঁহনি আৰু জংঘলৰ কাষত এক সন্দেহজনক অৱস্থাত এখন 'বলেৰ' পিক-আপ' বাহন ৰখাই থোৱা পৰিলক্ষিত হয়।
- Read more about হেলেম আৰক্ষীৰ অভিযান; জব্দ ৬ টা চুৰি গৰু
- Log in to post comments