আকৌ চীনত ক’ভিডসদৃশ পৰিস্থিতি, শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হাজাৰ হাজাৰ শিশু

China Pneumonia Updated News

আকৌ চীনত ক’ভিডসদৃশ পৰিস্থিতি

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন বাৰ্তা চীনলৈ

শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হাজাৰ হাজাৰ শিশু

উদ্বেগজনক পৰিস্থিতি চীনৰ হাস্পতালত

উত্তৰ চীনৰ পৰিস্থিতিক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

চীনৰ পৰা সৱিশেষ তথ্য বিচাৰিছে WHOএ

এক ধৰণৰ অচিন শ্বাস–প্ৰশ্বাস ৰোগত আক্ৰান্ত হৈ উত্তৰ চীনৰ চিকিৎসালয়ত ভিৰ কৰিছেহি হাজাৰ হাজাৰ শিশু। উশাহ–নিশাহত কষ্ট পোৱা শিশুসকলৰ চিকিৎসাৰ বাবে হাস্পতালসমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। চিৰচৰিতভাৱে চীনে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও বিভিন্ন সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত প্ৰকাশিত বাতৰি মতে এক ধৰণৰ অচিন নিউমোনিয়া ৰোগৰ ব্যাপক সংক্ৰমণ ঘটিছে চীনত। এককথাত ক’ভিডসদৃশ সংক্ৰমণৰ পৰিস্থিতিয়ে দেখা দিছে চীনৰ উত্তৰ প্ৰান্তত। এনে পৰিপ্ৰেক্ষিততে বিশ্ব স্বাস্থ্য সংস্থাই সৱিশেষ জানিব বিচাৰিছে চীনৰ স্বাস্থ্য বিভাগৰ পৰা।  

Category