কি কি কাৰ্যসূচীৰে উত্তৰ পূবলৈ আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ?

Amit Shah

দুদিনীয়া ভ্ৰমণসূচী লৈ উত্তৰ-পূবলৈ পূবলৈ গৃহমন্ত্ৰী অমিত শ্বাহ। বিশেষ বিমানেৰে ডিব্ৰুগড়ত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী। ১২.৪৫ বজাত অৰুণাচললৈ ৰাওনা হ’ব শ্বাহ। ভাৰত-চীন সীমান্তত মুকলি কৰিব কেইবাখনো আঁচনি। উদ্বোধন কৰিব VIBRANT VILLGES প্ৰগ্ৰাম। আঞ্জাও জিলাৰ কিবিথুত উদ্বোধন কৰিব এই আঁচনি। কেন্দ্ৰীয় মন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ অৰুণাচললৈ শ্বাহ। মোহনবাৰী বিমানবন্দৰত আদৰণি জনাব মুখ্যমন্ত্ৰীয়ে। মোহনবাৰী বিমানবন্দৰত কটকটীয়া নিৰাপত্তা। মোহনবাৰীৰ পৰা পোনে পোনে ৰাওনা হ’ব অৰুণাচললৈ। এই আঁচনিৰ অধীনত সীমান্তৰ আন্তঃগাথনি উন্নয়নৰ লক্ষ্য। কাইলৈ ১১.৩৫ বজাত উপস্থিত হ’ব ডিব্ৰুগড়ত। ডিব্ৰুগড়ৰ মানকাটাত সম্বোধন কৰিব জনসভা। বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ৰ ভূমি পূজনত অংশ ল’ব শ্বাহে। উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

Category