উজ্বলিছে ভাৰত! ‘দ্য এলিফেন্ট হুইচপাৰাৰছ’ আৰু RRRৰ ‘নাটু নাটু’ৱে আজুৰিলে অস্কাৰ

RRR

ইতিহাস ৰচিলে ভাৰতে। লছ এঞ্জেলছৰ ডলবী থিয়েটাৰত অনুষ্ঠিত ৯৫ সংখ্যক অস্কাৰত জিলিকিল ভাৰত। এছ এছ ৰাজামৌলীৰ ‘RRR’ বোলছবিৰ নাটু নাটু শীৰ্ষক গীতটি আৰু গুনীত মংগাৰ তথ্যচিত্ৰ ‘দ্য এলিফেন্ট হুইচপাৰাৰছ’এ লাভ কৰিছে অস্কাৰ বঁটা ।

প্ৰযোজক গুনীত মংগাৰৰ চুটি তথ্যচিত্ৰ ‘দ্য এলিফেন্ট হুইচপাৰাৰছ’এ 'Best Documentary Short Film' বঁটা লাভ কৰিছে। ইয়াৰ দ্বাৰা ভাৰতৰ প্ৰযোজনাৰ প্ৰথম  অস্কাৰ বঁটা লাভ কৰিছে দেশে।

RRRৰ ‘নাটু নাটু’ গীতে  ‘BEST ORIGINAL SONG’ অস্কাৰ বঁটা লাভ কৰিছে। অস্কাৰৰ দুটাকৈ শিতানত ভাৰতে শ্ৰেষ্ঠত্বৰ খিতাপ দখল কৰি আজুৰিলে সন্মান। এতিয়া গৌৰাৱান্বিত হৈ পৰিছে দেশবাসী।  

Category