'ল'ৰাটোৰ জন্ম দিন আছিল, বজাৰ কৰিবলৈ লগত লৈ গৈছিল দেউতাকে' জন্মদিনৰ দিনাই ১বছৰীয়া এটি কণমানিক নিষ্ঠুৰভাৱে হত্যা

Child Murder

গহপুৰত চাঞ্চল্যকৰ ঘটনা ৷ গহপুৰৰ সোনালীবড়ীত পথাৰত উদ্ধাৰ এবছৰীয়া কণমানিৰ মৃতদেহ৷ পিতৃৰ সৈতে জন্মদিনৰ বজাৰ কৰিবলৈ যোৱা শিশুটিক হত্যা কৰি পেলাই থৈ গ’ল পথাৰৰ মাজত৷এতিয়াও বিচাৰি পোৱা নাই দেউতাকক। পিতৃৰ নাম  শচিন বৰদলৈ (সৰুল'ৰা) ৷ মৃত পুত্ৰৰ নাম  পৰাগ জ্যোতি বৰদলৈ ৷ আজি ১ বছৰীয়া জন্ম দিন আছিল মৃত পৰাগৰ। চাইকেলত কালি সন্ধিয়া ৬ মান বজাত কণমানিটিক  জন্ম দিনৰ বাবে বজাৰ কৰিবলৈ লৈ গৈছিল দেউতাকে। কালিৰ পৰা পিতা পুত্ৰ দুয়োজন ঘৰলৈ ঘুৰি অহা নাছিল৷ পুৱা পথাৰত গৰু এৰাল দিবলৈ আহি মৃতদেহ দেখা পায় খবৰ দিয়ে । পিতৃৰ চাইকেল আৰু বজাৰৰ মোনা পৰি আছে মৃতদেহৰ ওচৰত।

 

Category