ৰাজ্যৰ প্ৰশাসনিক বিভাগত ব্যাপক ৰদ-বদল! কেইবাগৰাকীও IAS, IPS, ACS বিষয়াক ৰদ-বদল

Assam

ৰাজ্যৰ প্ৰশাসনিক বিভাগত হল ব্যাপক ৰদ-বদল! কেইবাগৰাকীও IAS, IPS, ACS বিষয়াক কৰা হ’ল ৰদ-বদল। IPS শিলাদিত্য চেতিয়া হ’ব নতুন গৃহ সচিব। চতুৰ্থ APBNৰ কামাণ্ডেণ্ট আছিল শিলাদিত্য চেতিয়া। নাৰায়ণ কোঁৱৰক শিক্ষা বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব। পাৱাৰ নাৰ্ছিং সম্ভাজীক বিত্ত সচিবৰ দায়িত্ব। স্বপ্ননীল পলক তিনিচুকীয়াৰ উপায়ুক্তৰ দায়িত্ব। গায়ত্ৰী দেৱী দাস হালিংগেক বিত্ত বিভাগৰ উপ-সচিবৰ দায়িত্ব। GADৰ উপ-সচিবৰ দায়িত্ব জাভিৰ ৰাহুল সুৰেশক। তিতাবৰৰ ADC হিচাপে বদলি ৰাহুল কুমাৰ গুপ্তাক। বিশ্বনাথ মহকুমাৰ ADC হিচাপে বদলি IAS বিষয়া জয় শিৱানীক। ASDMAৰ প্ৰকল্প সঞ্চালক হিচাপে বদলি গৌৰৱ উপাধ্যায়ক. প্ৰণৱ কুমাৰ শৰ্মাক মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব। অসীম কুমাৰ ভট্টাচাৰ্যক গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব। পল্লৱী ফুকনক ধেমাজিৰ উপায়ুক্ত হিচাপে বদলি। কাৱেৰী বৰকাকতি শৰ্মাক মাজুলীৰ উপায়ুক্ত হিচাপে বদলি। ডিমা হাচাওৰ উপায়ুক্তৰ দায়িত্ব সীমান্ত কুমাৰ দাসক। বিদ্যুৎ বিকাশ ভাগৱতীক দক্ষিণ শালমৰাৰ উপায়ুক্তৰ দায়িত্ব। বজালীৰ মহকুমাধিপতি হিচাপে বদলি পূৰৱী গগৈক। পুলক মহন্তক যোৰহাটৰ উপায়ুক্তৰ দায়িত্ব। মুনিন্দ্ৰ নাথ নাকটেক দৰঙৰ উপায়ুক্তৰ দায়িত্ব। লাচিত কুমাৰ দাসক হোজাইৰ মহকুমাধিপতি হিচাপে বদলি। দীপ কুমাৰ ডেকাক ভূমি সংৰক্ষণ বিভাগৰ উপ-সচিবৰ দায়িত্ব। ৰঙিয়াৰ মহকুমাধিপতি হিচাপে বদলি দ্বীপম বুৰমানক।

Category